১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰমি অসমত প্ৰৱেশ কৰা স্বৰ্গদেও চুকাফাই প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰ বহু ইতিহাসৰ সাক্ষী ঐতিহাসিক শিৱসাগৰ জিলা ॥ ৬০০ বছৰীয়া শাসনকালত প্ৰশাসনিক দিশৰ পৰাও অতি গুৰূত্বপুৰ্ণ শিৱসাগৰ আহোম ৰাজত্বকালৰ বহু ঐতিহাসিক সমলেৰে পৰিপুষ্ট ॥ সমগ্ৰ শিৱসাগৰ জিলাখনতে সিচঁৰতি হৈ আছে আহোম ৰাজত্বকালৰ বহুতো দৌল-দেৱালয়, পুখুৰী, মৈদাম আদিৰ লগতে অনেক কীৰ্তিচিহ্ন ॥ 


    

        ইয়াত শিৱসাগৰ জিলাৰ উল্লেখযোগ্য ঐতিহাসিক পৰ্য্যটনস্থলী সমূহৰ চমু আভাষ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে :-


১) ৰংঘৰ (ASIA's FIRST PAVILION) :-

নিৰ্মাতা - প্ৰমত্ত সিংহ (১৭৪৪-১৭৫০)

        এছিয়াৰ ‍প্ৰথম পেভিলিয়ন হিচাবে প্ৰখ্যাত এটা পকী দূই মহলীয়া গৃহ হৈছে ৰংঘৰ যাক  আহোম ৰাজত্বকালত পেভিলিয়ন হিচাপে ব্যৱহাৰ কৰা হৈছিল ॥ আহোম ৰাজত্বকালৰ অন্যতম ৰাজধানী ৰংপুৰ নগৰৰ ৰূপহী পথাৰত অৱস্থিত ৰংঘৰ শিৱসাগৰ মূল চহৰৰ পৰা প্ৰায় ৩ কিঃমি আতঁৰত ॥ আহোম স্বৰ্গদেও সকলৰ লগতে ৰাজ পৰিয়াল আৰু অন্যান্য বিষয়-ববীয়া সকলে ৰংঘৰত বহি বিভিন্ন বিনোদনমূলক কাৰ্য্যসূচী সমূহ (যেনে :- ম'হ যুঁজ, শেন যুঁজ আদি) উপভোগ কৰিছিল ॥


২) তলাতল ঘৰ (TALATAL GHAR) :-

নিৰ্মাতা - ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯)

        মাটিৰ তলত তিনিটা মহল আৰু মাটিৰ ওপৰৰ চাৰিটা মহলৰ সৈতে মূঠ সাতটা মহলাযুক্ত  আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্ন সমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ হৈছে তলাতল ঘৰ ॥ ৰংপুৰ নগৰত অৱস্থিত এই ৰাজ প্ৰসাদটো শিৱসাগৰ মূল চহৰৰ পৰা প্ৰায় ৩ কিঃমি আতঁৰত ॥ তলাতল ঘৰৰ মাটিৰ তলত দূটা গোপন সুৰংগ আছিল ॥ তাৰে ৩ কিঃমি দৈঘ্যৰ এটা সুৰংগই দিখৌ নদীৰ লগত সংযোগ কৰিছিল আৰু ১৬ কিঃমি দৈঘ্যৰ আনটো সুৰংগই গড়গাঁওৰ কাৰেংঘৰৰ লগত সংযোগ কৰিছিল ॥


৩) কাৰেংঘৰ (THE GARHGAON PALACE) :-

নিৰ্মাতা - স্বৰ্গদেও চুক্লেংমুঙ

পুনঃ নিৰ্মাণ - ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯)

        আহোম ৰাজত্বকালত নিৰ্মিত কীৰ্তিচিহ্ন সমূহৰ ভিতৰত আটাইতকৈ মনোমোহা ৰাজ প্ৰসাদটো হৈছে গড়গাঁৱৰ কাৰেংঘৰ ॥ গড়গাঁৱত অৱস্থিত এই ৰাজ কাৰেঙটো শিৱসাগৰ মূল চহৰৰ পৰা প্ৰায় ১৫ কিঃমি আতঁৰত ॥ প্ৰথম অৱস্থাত এই স্বৰ্গদেও চুক্লেংমুঙে কাৰেংঘৰৰ নিৰ্মাণ কৰাইছিল যদিও ১৭৫২ চনত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত পুনৰ স্বৰ্গদেও ৰাজেশ্বৰ সিংহই চাৰি মহলীয়া কাৰেংঘৰটো আটকধুনীয়াকৈ নিৰ্মাণ কৰাইছিল ॥


৪) চৰাইদেউ মৈদাম (PYRAMIDS OF ASSAM)  :-

        আহোম সকলে পৰম্পৰাগত ভাৱে মৃতদেহ সংস্কাৰ কৰি সমাধিষ্ঠ কৰা প্ৰক্ৰিয়াটোক মৈদাম দিয়া বুলি জনা যায় ॥ মৈদাম সমূহ মাটিৰে নিৰ্মিত পিৰামিড সদৃশ সমাধি ॥ আহোম ৰাজ-পৰিয়ালৰ লোক আৰু উচ্চ পদস্থ বিষয়-ববীয়া সকলৰ মৃত্যুৰ পাছত মৈদাম দিয়া স্থান হিচাবে জনাজাত ঠাইডোখৰেই হৈছে চৰাইদেউ ॥ এসময়ৰ আহোম সকলৰ ৰাজধানী চৰাইদেউত (বৰ্তমান চৰাইদেউ জিলা) অৱস্থিত মৈদাম সমূহ শিৱসাগৰ মূল চহৰৰ পৰা প্ৰায় ৩০ কিঃমি আতঁৰত ॥ কোৱা হয় ব্ৰিটিছ সকলে মৈদাম সমূহৰ অভ্যন্তৰত থকা ধন-সোণ খান্দি উলিয়াই লৈ গৈছিল ॥


৫) নামদাঙৰ শিলৰ সাঁকো (NAMDANG STONE BRIDGE):-

নিৰ্মাতা - স্বৰ্গদেও ৰুদ্ৰসিংহ (১৭০৩)

        মাথোন এটা শিলকেই কাটি কাটি নিৰ্মাণ কৰা হৈছিল বুৰঞ্জী প্ৰসিদ্ধ নামদাঙৰ শিলৰ সাঁকো ॥ শিৱসাগৰ জিলাৰ দিখৌ নৈৰ এখন উপনৈ নামদাঙৰ ওপৰত এই শিলৰ সাঁকো অৱস্থিত ॥ এই বুৰঞ্জী প্ৰসিদ্ধ দলং খন দীঘলে ৬০ মিটাৰ, বহলে ৬.৫ মিটাৰ আৰু ইয়াৰ উচ্চতা ১.৭ মিটাৰ ॥ উল্লেখযোগ্য যে বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ নামদাঙৰ এই শিল সাঁকোৰ ওপৰেদি পাৰ হৈ গৈছে ॥


৬) গোলাঘৰ (GOLA GHAR) :-

নিৰ্মাতা - স্বৰ্গদেও ৰুদ্ৰসিংহ (১৭০৪)

        বৰ্তমানেও অক্ষত অৱস্থাত থকা ইটাৰে নিৰ্মিত এই গৃহটো ৰজা ঘৰৰ অস্ত্ৰ-সস্ত্ৰ, খাৰ-বাৰুদ, বৰটোপ আদি মজুত ৰখাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল ॥ তলাতল ঘৰৰ নিচেই কাষতে অৱস্থিত এই গোলাঘৰটো পুৰনি আহোম কীৰ্তিচিহ্ন সমূহৰ ভিতৰত উল্লেখযোগ্য ॥ গোলাঘৰ বা খাৰঘৰ টোৰ দীঘ ২২.৮ মিটাৰ আৰু প্ৰস্থ ১১.৭ মিটাৰ ॥


৭) শিৱদৌল (SHIV DOL) :-

নিৰ্মাতা - অম্বিকা কুৱঁৰী

        শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত শিৱদৌল অৱস্থিত ॥ ১৯৩১  চনত বৰৰজা অম্বিকা কুৱঁৰীৰ নিৰ্দেশমৰ্মে ৭.৫ ফুট উচ্চতাৰ সোণৰ কলচীৰে সৈতে শিৱদৌলৰ লগতে ইয়াৰ কাষতে ক্ৰমে বিষ্ণুদৌল আৰু দেৱীদৌল নিৰ্মাণ কৰাইছিল ॥ শিৱ দৌলটোৰ উচ্চতা হ'ল ১২০ হাত ॥ ‍১৯৫০ চনৰ বৰ ভূইকঁপৰ সময়ত ইয়াৰ কলচীটো খহি পৰিছিল যদিও ইয়াক পুনৰ আগৰ ঠাইত স্হাপন কৰা হৈছিল ॥


৮) জয়দৌল (JOY DOL) :-

নিৰ্মাতা - স্বৰ্গদেও ৰুদ্ৰসিংহ

        শিৱসাগৰ নগৰৰ পৰা কিছু নিলগৰ জয়সাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল অৱস্থিত ॥ আহোম ৰাজত্বকালত নিৰ্মিত অতিকৈ চকুত লগা জয়দৌল স্বৰ্গদেও ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সোৱঁৰণত নিৰ্মাণ কৰিছিল ॥


৯) ৰুদ্ৰদৌল (RUDRA DOL) :-

নিৰ্মাতা - স্বৰ্গদেও লক্ষ্মীসিংহ

        শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৮ কিঃমি নিলগৰ ঐতিহাসিক ৰুদ্ৰসাগৰ পুখুৰীৰ পাৰত ৰুদ্ৰদৌল অৱস্থিত ॥ ১৭৭৩ চনত স্বৰ্গদেও লক্ষ্মীসিংহই পিতৃ ৰুদ্ৰসিংহৰ সোৱঁৰণত ৰুদ্ৰদৌল নিৰ্মাণ কৰিছিল ॥


১০) গৌৰীদৌল (GOURI DOL) :-

নিৰ্মাতা - ফুলেশ্বৰী কুৱঁৰী

        শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২ কিঃমি নিলগৰ গৌৰীসাগৰত থকা ঐতিহাসিক গৌৰীসাগৰ পুখুৰীৰ পাৰত গৌৰীদৌল অৱস্থিত ॥ এই দৌলটোৰ কাষতে এটা বিষ্ণুদৌল আৰু এটা দেৱীদৌল অৱস্থিত ॥


১১) ঘনশ্যাম দৌল (GHANSHYAM DOL) :-

নিৰ্মাতা - ঘনশ্যাম

        শিৱসাগৰ নগৰৰ পৰা কিছু নিলগৰ জয়সাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰত ঘনশ্যাম দৌল অৱস্থিত ॥ আহোম ৰজাই বংগদেশৰ পৰা অনোৱা স্থপতিবিদ ঘনশ্যামউদ্দিনে নিৰ্মাণ কৰোৱা এই দৌলটোৰ ভিতৰত কোনোধৰণৰ বিগ্ৰহ নাই ॥ কোনো কোনোৰ মতে এই দৌলটো ঘনশ্যামৰ আবাসহে আছিল ॥


১২) ফাকুৱা দৌল (FAKUWA DOL) :-

নিৰ্মাতা - স্বৰ্গদেও ৰুদ্ৰসিংহ

ঐতিহাসিক শিৱসাগৰ নগৰৰ জয়সাগৰত ফাকুৱা দৌলটি অৱস্থিত ॥ স্বৰ্গদেও ৰুদ্ৰসিংহই নিৰ্মাণ কৰোৱা পিৰামিড আকৃতিৰ এই দৌলটো আচলতে সতী জয়মতী কুৱঁৰীৰ মৈদামহে আছিল ॥ এই দৌলটোৰ উচ্চতা ৩০ ফুট ॥


১৩) শিৱসাগৰ পুখুৰী (SIVASAGAR TANK) :-

খন্দাইছিল - অম্বিকা কুৱঁৰী

        ১৯৪ পুৰা ২ বিঘা ২ কথা ৬ লেচা মাটিকালি জুৰি থকা এই পুখুৰীটো খন্দোৱা হৈছিল স্বৰ্গদেও শিৱসিংহৰ ৰাজত্বকালত তেওঁৰ দ্বিতীয় গৰাকী কুৱঁৰী অম্বিকাৰ নিৰ্দেশক্ৰমে ॥ এই পুখুৰীটোৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ পাৰ কেইটাৰ নাম ক্ৰমে চেৰেকাপাৰ, কাথপাৰ, জয়াপাৰ আৰু ঢুলীয়াপাৰ ॥


১৩) জয়সাগৰ পুখুৰী (JOYSAGAR TANK) :-

খন্দাইছিল - স্বৰ্গদেও ৰুদ্ৰসিংহ

        চাৰিওটা পাৰৰ সৈতে জয়সাগৰ পুখুৰীয়ে প্ৰায় ৩১৮ একৰৰ এক বৃহৎ মাটিখণ্ড আগুৰি আছে ॥ সমগ্ৰ ভাৰতৰ ভিতৰতে মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰী হৈছে জয়সাগৰ পুখুৰী ॥ স্বৰ্গদেও ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সোৱঁৰণত এই পুখুৰীটো খন্দোৱাইছিল ॥


১৪) গৌৰীসাগৰ পুখুৰী (GOURISAGAR TANK) :-

খন্দাইছিল - ফুলেশ্বৰী কুৱঁৰী

        চাৰিওটা পাৰৰ সৈতে গৌৰীসাগৰ পুখুৰীয়ে প্ৰায় ১৫৫ একৰ মাটি আগুৰি আছে ॥ এই পুখুৰীটো খন্দোৱাই শেষ হৈছিল ১৭২৩ চনত ॥


১৫) ৰুদ্ৰসাগৰ পুখুৰী (RUDRASAGAR TANK) :-

খন্দাইছিল - স্বৰ্গদেও লক্ষ্মীসিংহ

        ১৭৭৩ চনত স্বৰ্গদেও লক্ষ্মীসিংহই পিতৃ ৰুদ্ৰসিংহৰ সোৱঁৰণত ৰুদ্ৰদৌল নিৰ্মাণ কৰাৰ লগতে ৰুদ্ৰসাগৰ পুখুৰী খন্দোৱাছিল ॥


ভিডিঅ' আকাৰত চাওঁক :-



        বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাত ওপৰোক্ত দৌল আৰু পুখুৰী সমূহৰ উপৰিও আৰু বহুতো দৌল আৰু পুখুৰী আছে ॥ তলত তাৰে কিছুমান উল্লেখ কৰা হ'ল-


অন্যান্য দৌল সমূহ :-

• ৰংগনাথ দ'ল  • বগী দ'ল  • ৰুদ্ৰেশ্বৰ দ'ল

• থাওৰা দ'ল  • বৰপাত্ৰ দ'ল  • নামতি দ'ল


অন্যান্য পুখুৰী সমূহ :-

• লখিমী পুখুৰী   • নৰা কোঁৱৰ পুখুৰী

• বগীদ'ল পুখুৰী   • মেচাগড় পুখুৰী

• লখিমী পুখুৰী   • ৰাজমাও পুখুৰী

• সুন্দৰ পুখুৰী   • ৰহদৈ পুখুৰী

• লেঙীবৰ পুখুৰী   • মগালৌ পুখুৰী

• তেলীয়াডোঙা পুখুৰী   • শুকান পুখুৰী

• থাওৰাপুখুৰী   • ডিমৌ পুখুৰী

• নিতাই পুখুৰী   • নামতিপুখুৰী

• পানীবিল পুখুৰী   • ধিতাই পুখুৰী

• বাউলী পুখুৰী   • নেওগ গোঁহাইৰ পুখুৰী

• ফুলপানীছিগা পুখুৰী   • ৰঙাচিলা পুখুৰী

• বেজদলৈ পুখুৰী   • গড়গাঁৱৰ পুখুৰী

• খনাখোকোৰা পুখুৰী   • কপৌ পুখুৰী

• হেকেৰাবৰবৰুৱা পুখুৰী   • লিগিৰী পুখুৰী

• বুঢ়াগোহাইপুখুৰী   • সোণাদৈ পুখুৰী

• শ ধোৱাপুখুৰী   • টেঙাপুখুৰী

• ৰহধলা পুখুৰী   • মিঠা পুখুৰী


তথ্য  ও ফটো সংগ্ৰহ :-  ইণ্টাৰনেট / ৱিকিপেডিয়া
Data & Photo Source :- Internet / Wikipedia

লগতে পঢ়ক :-