বছৰৰ প্ৰত্যেক মাহতেই কিছুমান মহত্ত্বপুৰ্ণ দিৱস থাকে । এই দিৱস বোৰৰ কিছুমানৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰু কিছুমানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত গুৰূত্ব থাকে ॥
কেতিয়াবা যদি এই দিৱস সমূহৰ যোগেদি কাৰোবাক সন্মান প্ৰদৰ্শন কৰা হয়; আকৌ কেতিয়াবা কোনোবা বিষয়ৰ ওপৰত জনসাধাৰণৰ মাজত সজাগতা তথা সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় ॥
জনাবলৈ লৈছো জুন মাহৰ গুৰূত্বপুৰ্ণ দিৱস সমূহৰ বিষয়ে :-
০১ জুন :- বিশ্ব দূগ্ধ দিৱস
২০০১ চনৰ পৰা প্ৰতি বছৰে ০১ জুন তাৰিখটো বিশ্ব দূগ্ধ দিৱস হিচাবে পালন কৰি অহা হৈছে । গাখীৰৰ স্বাভাৱিক উৎপত্তি, গাখীৰৰ পৰিপুষ্টি সম্বন্ধীয় মহত্ত্ব আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী সমূহৰ পৰা হোৱা লাভালাভ সম্বন্ধে বিশ্বজুৰি সজাগতা সৃষ্টিয়েই এই দিৱসৰ মূল উদ্দ্যেশ্য ॥
০২ জুন :- তেলেংগানা প্ৰতিষ্ঠা দিৱস
২০১৪ চনৰ ১৮ ফেব্ৰুৱাৰীত তেলেংগানা বিল লোকসভাত গৃহীত হোৱাৰ দূদিনৰ পাছত ৰাজ্যসভাতো এই বিল গৃহীত হয় । তেলেংগানা পৃথক ৰাজ্য গঠনৰ বাবে কুচকাৱাজ ১৯৫০ চনৰ প্ৰথমৰে পৰা আৰম্ভ হৈছিল । তেলেংগানাৰ অতি কমেও আঢ়ৈ হাজাৰ বছৰীয়া গৌৰৱোজ্জল ইতিহাস আছে ॥
০৩ জুন :- বিশ্ব বাই-চাইকেল দিৱস
প্ৰতি বছৰে বিশ্ব চাইকেল দিৱস জুন মাহৰ ০৩ তাৰিখে উদযাপন কৰা হয় । বাই-চাইকেলৰ বৈশিষ্ট্যতা আৰু বহুমুখী লাভালাভৰ বিশ্ববাসীক জনোৱা এই দিৱসৰ মূল লক্ষ্য । চাইকেলক পৰিবহনৰ এক সৰল, কম খৰচী আৰু পৰিবেশ অনুকূল বাহন হিচাপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰোৱা বিশ্ব বাই-চাইকেল দিৱসৰ অন্য এক উদ্দ্যেশ্য ॥
০৪ জুন :- আক্ৰমণৰ বলি হোৱা নিৰ্দোষী শিশুৰ আন্তঃৰাষ্ট্ৰীয় দিৱস
হিংসা আৰু অন্যায়ৰ কবলত পৰা সমাজৰ শিশু সকলক সুৰক্ষা প্ৰদান কৰাৰ উদ্দ্যেশ্যে ৰাষ্ট্ৰ সংঘই প্ৰতো বছৰে ০৪ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লেবানন আৰু পেলেষ্টাইনৰ যুদ্ধত বহুতো নিৰ্দোষী শিশুৰ মৃত্যুৰ পাছতেই ৰাষ্ট্ৰ সংঘই এই পদক্ষেপ গ্ৰহণ কৰে ॥
০৫ জুন :- বিশ্ব পৰিবেশ দিৱস
১৯৭৪ চনৰ ০৫ জুন তাৰিখে বিশ্বত পোন প্ৰথম বাৰৰ কাৰণে বিশ্ব পৰিবেশ দিৱস পালন কৰা হৈছিল । সমগ্ৰ মানৱ জাতিক পৰিবেশৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত সজাগ আৰু সচেতন কৰি তোলা বিশ্ব পৰিবেশ দিৱসৰ মূল উদ্দ্যেশ্য ॥
০৭ জুন :- বিশ্ব খাদ্য সুৰক্ষা দিৱস
প্ৰদূষিত খাদ্য আৰু পানীৰ পৰা মানুহৰ দেহত পৰিব পৰা প্ৰভাৱ সমূহৰ বিষয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰোৱাৰ উদ্দ্যেশ্যে বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰা হয় । ইয়াৰ উপৰিও বিশ্বজুৰি মানদণ্ড বিশিষ্ট খাদ্য আৰু পৌষ্টিক ভোজনৰ ক্ষেত্ৰত সজাগতা সৃষ্টি এই দিৱসৰ উদ্দ্যেশ্য ॥
০৮ জুন :- বিশ্ব মহাসাগৰ দিৱস
মহাসাগৰ সমূহৰ মহত্ত্ব (যেনে :- সাগৰৰ সুৰক্ষিত প্ৰাকৃতিক পৰিবেশ আৰু ইয়াৰ সুৰক্ষিত জৈৱ বৈচিত্ৰতা) আৰু ইয়াৰ পৰা আহিব পৰা বিপদ সমূহৰ বিষয়ে মানৱ জাতিক সজাগ কৰিবৰ কাৰণে এই দিৱস পালন কৰা হয় । মূলতঃ কেনেকৈ সাগৰীয় পৰিবেশ কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ বিষয়ে বিশ্ব বাসীৰ আগত অৱগত কৰোৱা এই দিৱসৰ মূল উদ্দ্যেশ্য ॥
০৮ জুন :- বিশ্ব ব্ৰেইন টিউমাৰ দিৱস
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ব্ৰেইন টিউমাৰ ৰোগৰ লক্ষণ তথা নিৰাময় আৰু এই ৰোগৰ ৰোগীসকলক সজাগ কৰিবৰ কাৰণে বিশ্ব ব্ৰেইন টিউমাৰ দিৱস পালন কৰা হয় ॥
০৯ জুন :- বিশ্ব মান্যতা দিৱস
বেপাৰ বাণিজ্য আৰু অৰ্থব্যাৱস্থাত মান্যতাৰ ভূমিকাক গুৰূত্ব প্ৰদান কৰি প্ৰত্যেক বছৰৰ ০৯ জুন তাৰিখটো বিশ্ব মান্যতা দিৱস হিচাবে পালন কৰা হয় ॥
১০ জুন :- আন্তঃৰাষ্ট্ৰীয় দৃষ্টিদান সংকল্প দিৱস
আন্তঃৰাষ্ট্ৰীয় দৃষ্টিদান বা নেত্ৰদান সংকল্প দিৱস পালনৰ উদ্দ্যেশ্য হৈছে নেত্ৰদান সম্পৰ্কে ব্যাপক ৰূপত জনসচেতনতা সৃষ্টি তথা মৃত্যুৰ পাছত চকু দান কৰিবৰ কাৰণে উৎসাহিত কৰা ॥
১২ জুন :- বিশ্ব শিশু শ্রম বিৰোধী দিৱস
আন্তজাৰ্তিক শ্ৰম সংগঠনে ২০০২ চনৰ পৰা বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন কৰি আহিছে । এই দিৱসৰ মুখ্য উদ্দ্যেশ্য হৈছে ১৪ বছৰৰ তলৰ শিশু সকলক শ্ৰমিক হিচাপে ব্যৱহাৰ নকৰি তেওঁলোকক শিক্ষাগ্ৰহণৰ সুবিধা প্ৰদানৰ প্ৰতি আকৃষ্ট কৰোৱা ॥
১৪ জুন :- বিশ্ব ৰক্তদাতা দিৱস
ৰক্তদান কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টি আৰু ৰক্তদান কৰাৰ প্ৰতি ৰক্তদাতা সকলক উৎসাহিত কৰাৰ উদ্দ্যেশ্যেৰে এই দিৱস পালন কৰা হয় । প্ৰয়োজন অনুসৰি পৰ্য্যাপ্ত তেজ উপলদ্ধ কৰোৱা বিশ্ব ৰক্তদাতা দিৱসৰ আন এক উদ্দ্যেশ্য ॥
১৫ জুন :- বিশ্ব বতাহ দিৱস
প্ৰাকৃতিক শক্তি সমূহৰ ভিতৰত বতাহ বা বায়ু অন্যতম । বিশ্বজুৰি বায়ু শক্তি বা বতাহৰ উপযোগিতা তথা ইয়াৰ ক্ষমতা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে বিশ্ব বতাহ দিৱস পালন কৰি অহা হৈছে ॥
১৭ জুন :- আন্তঃৰাষ্ট্ৰীয় মৰুভুমিকৰণ আৰু শুষ্কতা পৰিপন্থী দিৱস
১৯৯৫ চনৰ পৰা মৰুভুমিকৰণ আৰু শুষ্কতাৰ প্ৰভাৱৰ বিৰুদ্ধে যুজাঁৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়ে সজাগতা অনা প্ৰয়াসেৰে আন্তঃৰাষ্ট্ৰীয় মৰুভুমিকৰণ আৰু শুষ্কতা পৰিপন্থী দিৱস পালন কৰি অহা হৈছে ॥
১৮ জুন :- আন্তঃৰাষ্ট্ৰীয় বনভোজ দিৱস
ব্যস্ততাময় জগত খনৰ পৰা আতঁৰি নিজৰ প্ৰিয়জনৰ লগত প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি এসাঁজ খাই বৈ প্ৰকৃতিৰ লগত একাত্ম হৈ পৰাৰ এটা দিন - আন্তঃৰাষ্ট্ৰীয় বনভোজ দিৱস ॥
২০ জুন :- আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী দিৱস
হিংসা-সংঘৰ্ষ, উৎপীড়নৰ বলি হৈ নিজৰ দেশ ত্যাগ কৰি অইন দেশত আশ্রয় গ্ৰহণ কৰা শৰণাৰ্থী সকলৰ সাহস, সংকল্প আৰু ধৈৰ্য্যশক্তিক সন্মান প্ৰদৰ্শন কৰি তথা শৰণাৰ্থী সকলৰ আলাই-আথানি, দূদৰ্শা আদি সমস্যা সমাধানৰ উদ্দ্যেশ্যে আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী দিৱস পালন কৰা হয় ॥
২১ জুন :- আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
যোগৰ পৰা হোৱা অদ্ভূত আৰু প্ৰাকৃতিক লাভ সমূহ, যোগৰ মাধ্যমেৰে হোৱা শাৰীৰিক আৰু মানসিক ৰোগৰ সমাধান সমূহ তথা যোগৰ জৰিয়তে মানৱ জীৱনত প্ৰভাৱ সম্পৰ্কে জনসচেতনতা জগাই তোলাৰ উদ্দ্যেশ্যে এই দিৱস পালন কৰা হয় । ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘত ১৯৩ খন দেশৰ সদস্যৰ দ্বাৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ গৃহীত কৰিছিল ॥
২১ জুন :- বিশ্ব সংগীত দিৱস
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সংগীত ক্ষেত্ৰ খনক উৎসাহিত কৰিবলৈ তথা সংগীত যোগেদি এখন শান্তিপুৰ্ণ পৃথিৱী গঢ়াৰ উদ্দ্যেশ্যৰে বিশ্ব সংগীত দিৱস পালন কৰা হয় ॥
২৩ জুন :- ৰাষ্ট্ৰসংঘ লোক সেৱা দিৱস
এই দিনটোত চৰকাৰী কৰ্মচাৰী সকলৰ অমূল্য যোগদান আৰু এখন সৰ্বাংগসুন্দৰ পৃথিৱী গঢ়ি তুলিবলৈ কৰা প্ৰশাসনীয় প্ৰয়াসক স্বীকৃতি প্ৰদান কৰা হয় । তাৰোপৰি ৰাষ্ট্ৰসংঘ লোক সেৱা দিৱসে যুৱশক্তিক লোক সেৱা খণ্ডত কাম কৰিবলৈ উৎসাহিত কৰে ॥
২৩ জুন :- আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস
বিধৱা মহিলা সকলৰ সমস্যাৰ বিষয়ে সচেতন তথা সজাগ কৰোৱাৰ উদ্দ্যেশ্য আগত ৰাখি আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস পালন কৰা হয় যাতে বিধৱা সকল সমাজত উপেক্ষিত হৈ থাকিব নালাগে ॥
২৬ জুন :- আন্তঃৰাষ্ট্ৰীয় নিচা তথা মাদক দব্যৰ ব্যাৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
নিচাসক্ত লোকসকলক সচেতন কৰা, নিচা আৰু মাদক দব্যৰ পৰা সমাজত পৰা কুপ্ৰভাৱ সমূহৰ বিষয়ে প্ৰচাৰ কৰা আৰু সমাজ খন নিচাযুক্ত তথা মাদক দব্যৰ কবলৰ পৰা মুক্ত কৰা আন্তঃৰাষ্ট্ৰীয় নিচা তথা মাদক দব্য বিৰোধী দিৱস মূল উদ্দ্যেশ্য ॥
২৯ জুন :- ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস
দৈনন্দিন জীৱনৰ পৰিকল্পনাত পৰিসংখ্যাৰ গুৰূত্বৰ বিষয়ে জনসচেতনতাৰ সৃষ্টি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ উদ্দ্যেশ্য ॥
৩০ জুন :- বিশ্ব গ্ৰহাণু দিৱস
গ্ৰহাণু সম্বন্ধে অনলাইন শিক্ষা বিস্তাৰ কৰিবৰ বাবে বিশ্ব গ্ৰহাণু দিৱস পালন কৰা হয় । গ্ৰহাণু নাইবা উল্কা পিণ্ড কেতিয়াবা মধ্যাকৰ্ষণৰ ফলত পৃথিৱী পৃষ্ঠত পৰে আৰু সেই উল্কা পিণ্ডই আকৌ কেতিয়াবা পৃথিৱীৰ বিপদো ঘটাব পাৰে । এনে এটা বিপদজনক ঘটনা ১৯০৮ চনৰ ৩০ জুনত ছাইবেৰিয়াৰ টুঙ্গুস্কা নামৰ ঠাইত ঘটিছিল ॥
জুন মাহৰ গুৰূত্বপুৰ্ণ দিৱস সমূহ :-
জুন 01 : বিশ্ব দূগ্ধ দিৱস (World Milk Day)
জুন 02 : তেলেংগানা প্ৰতিষ্ঠা দিৱস (Telengana Formation Day)
জুন 03 : বিশ্ব বাই-চাইকেল দিৱস (World By-Cycle Day)
জুন 04 : আক্ৰমণৰ বলি হোৱা নিৰ্দোষী শিশুৰ আন্তঃৰাষ্ট্ৰীয় দিৱস (International Day of Innocent Children Victims of Aggression)
জুন 05 : বিশ্ব পৰিবেশ দিৱস (World Environment Day)
জুন 07 : বিশ্ব খাদ্য সুৰক্ষা দিৱস (World Food Safety Day)
জুন 08 : বিশ্ব মহাসাগৰ দিৱস (World Ocean Day)
জুন 08 : বিশ্ব ব্ৰেইন টিউমাৰ দিৱস (World Brain Tumour Day)
জুন 09 : বিশ্ব মান্যতা দিৱস (World Accreditation Day)
জুন 10 : আন্তঃৰাষ্ট্ৰীয় দৃষ্টিদান সংকল্প দিৱস (World Eye Donation Day)
জুন 12 : বিশ্ব শিশু শ্রম বিৰোধী দিৱস (World Day Against Child Labour)
জুন 14 : বিশ্ব ৰক্তদাতা দিৱস (World Blood Donor Day)
জুন 15 : বিশ্ব বতাহ দিৱস (World Wind Day)
জুন 17 : আন্তঃৰাষ্ট্ৰীয় মৰুভুমিকৰণ আৰু শুষ্কতা পৰিপন্থী দিৱস (World Day to Combat Desertification and Drought)
জুন 18 আন্তঃৰাষ্ট্ৰীয় বনভোজ দিৱস (International Picnic Day)
জুন 20 : আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী দিৱস (World Refugee Day)
জুন 21 : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)
জুন 21 : বিশ্ব সংগীত দিৱস (World Music Day)
জুন 23 : ৰাষ্ট্ৰসংঘ লোক সেৱা দিৱস (United Nations Public Service Day)
জুন 23 : আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস (International Widow's Day)
জুন 26 : আন্তঃৰাষ্ট্ৰীয় নিচা তথা মাদক দব্য ব্যাৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস (International Day against Drug Abuse and Illicit Trafficking)
জুন 29 : ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস (National Statistics Day)
জুন 30 : বিশ্ব গ্ৰহাণু দিৱস (World Asteroid Day)
তথ্য সংগ্ৰহ :-
ইণ্টাৰনেট / ৱিকিপেডিয়া
Source :-
(Internet / Wikipedia)
লগতে পঢ়ক :-
0 Comments